দেশ আৰু অন্যান্য বিষয়ক


দেশ বোলি ক'লে আদেশ নেলাগে,
মোৰ তুম্‌ৰুলি তেজত টগবগাই উঠে
এহেজাৰ এটা ৰণুৱা ঘোঁৰা !


মোৰ শব্দৰ শোভাযাত্ৰা হওঁক, ক্ৰুৰ-কুটিল ৰাতিৰ প্ৰহৰী হওঁক
তিৰবিৰাই থাকক বিক্ষোভৰ চোকা তৰোৱাল, টলমল শব্দৰ,
উচ্ছ্বাসিত তেজৰ প্ৰবাহে প্ৰবাহে ।


মোৰ কামিজত ফুটি উঠে কাতৰতা, ক্ষীণ হয় ঘনিষ্ঠ উশাহ;
গভীৰত বৰ অস্বস্তি, বৰ অস্থিৰতা । সতৰ্ক প্ৰহৰী বতাহ
হঠাৎ কৌতূহলী হৈ পানীত যি দৰে নচুৱায় মাছ
মোৰ চৌকাষে উদ্যত মৃত্যু ; মৃত্যুৰ কৌশলী হাত
অধবা, মৃত্যুজিত প্ৰতিভাৰ আচ্ছাদিত আভাস ।

[১৯৭১]