লখিমী

মেটমৰা ধানৰ ডাঙৰি
ডাঙৰীয়াৰ চোতালত থ'লো ।
এতিয়া, মোক ঘৰলৈ যাবলৈ দিয়া ।
আইজনীৰ মাকৰ গাত লেঠা;
এইবেলি ল'ৰা এটা হ'লে ভাল হয় বৰ ।
জানাইতো খেতিয়কৰ ল'ৰাৰ
হাত বৰ চিধা ।

মোৰ দেখোন আজিকালি
বৰ অলপতে হাত-ভৰি কঁপে ।
বন্দুকতো দূৰৰে কধা
ধনুকাঁড়ো জুৰিব নোৱাৰোঁ ।

আইজনীৰ মাকৰ
ল'ৰা এটা হ'লে ভাল হয় বৰ ।
খেতিয়কৰ ল'ৰাৰ বোলে
হাত বৰ পোণ !

[১৯৬৯]