পৃথিবী মোৰ কবিতা

কলম মোৰ কমাৰৰ হাতৰ হাতুৰী, ভাঙি পিটি গঢ়ি লওঁ শব্দ,
খেতিয়কৰ ফাল যেন চোকা; সীৰলুত সোণৰ সীতা, মিস্ত্ৰিৰ কৰত যেন ৰূঢ়,
কঠিন কাঠৰ আঁহ ফালি টানি আনো অভিজ্ঞতাৰ তেজ লগা শব্দ,
চাওঁতাল মৰদৰ ধনুৰ কাঁড় যেন লক্ষ্যভেদী একো একোটা শব্দ মোৰ
ৰক্ত-মাংস-ইচ্ছাত তীব্ৰ হৈ উঠে, সিহঁতৰ কোনোটো পৰ্বতৰ দৰে উদ্ধত,
কোনোটো নদীৰ দৰে নত, আৰু কোনোটো বা হ্ৰদৰ দৰে গম্ভীৰ,
কাৰো কথাত উঠা-বহা নকৰে ।

নদ-নদী-পৰ্বত চিত্ৰিত বিপুল মহাদেশৰ মই কবি, পৃথিবী মোৰ কবিতা ।

[১৯৭৩]